Skip to main content

Success tips in Assamese

আহক আজি ইয়াৰ বাবে কিছুমান কথা উল্লেখ কৰো। জীবনত সাফল্য অৰ্জন কৰিবলৈ তলৰ উল্লেখিত কথাখিনি ভাল দৰে শোধন কৰি মনৰ লগত মিহলাই চাব পাৰে আপোনাৰ কি কম বা নথকা অনুভৱ হয়।
      প্ৰতিজন মানুহৰ জন্মই হৈছে সফলতা লাভৰ বাবে। কিবা এটা পাবৰ বাবে।জয় লাভ কৰাৰ বাবে আৰু এই প্ৰাপ্ত, জয়লাভ আৰু সফলতা হৈছে ব্যক্তি এজনৰ অধিকাৰ। এই সফলতা এজনে কেতিয়া পাব পাৰে সেইটো নিৰ্ভৰ কৰে তেঁওৰ চেষ্টা আৰু কামৰ ওপৰত। কিন্তু সফলতা কেতিয়াও ৰাতিৰ ভিতৰতে নাহে। হাজাৰ চেষ্টা ,সাধনৰ পিছতহে আহে এই সফলতা। সফল ব্যক্তি সকলৰ সফলতাৰ ইতিহাস পৰ্যালোচনা কৰিলে আমি দেখিবলৈ পাওঁ যে সিহতৰ জীৱনক আগুৱাই লৈ যোৱাত সন্মুখীন হব লগা হৈছে বহু বাধাৰ প্ৰাচীৰ।
সকলো সময়ত সিহতে স‌‌‌ংগ্রাম কৰি আহিছে নিজৰ লগত।কিছুমান প্ৰত্যাহবান স্বৰূপে ঘটা ঘটনাৰ উল্লেখ তলত কৰিলো
১/চীনর এজন যুৱকে চাকৰিৰ বাবে আমেৰিকা কোনে এটা মাল্টিশ্যন্যল কোম্পানীত ইন্টাৰভিউ দিবলৈ গৈছিল।তেওঁ বেয়াকৈ অসফল হৈছিল।কাৰণটো আছিল তেওঁৰ ইংৰাজী বহুতো দূৰ্বল আছিল আৰু এইবোৰ লৈ তাত থকা মানুহবোরে তেওঁৰ ইংৰাজীক লৈ বহুতো ঠাট্টা আৰু হাঁহি মাৰি উৰুৱাই দিছিলে। বেচেৰা সিদিনা মনত বহুতো দুঃখ লৈ উভতি আহিল। কিন্তু মন কৰিবলগীয়া কথাটো হৈছে যে তেওঁৰ মনত যি জেদ বা চেলেঞ্জর সৃষ্টি হৈছিল সেইটোহে।যি চেলেঞ্জ তেওঁক বনাই তুলিলে ইংৰাজীর এগৰাকী সুদক্ষ শিক্ষক। কেবল মাত্ৰ চীনতে তেওঁৰ ছাত্ৰ সংখ্যা আছিল ১০ কৌটির উপৰি। 

 ২/ এ‌বাৰ টমাছ আলভা এডিচনক সুধা হৈছিল যে বৈদ্যুতিক বাল্বৰ আবিষ্কাৰ কৰিবলৈ তেওঁক কি পৰিমাণ চেষ্টা চলাবলগা হৈছিল। এডিচনে কৈছিল, মই প্ৰায় তিনি হাজাৰ বাৰ চেষ্টা কৰাৰ পিছতহে বাল্বৰ বাবে এটা উপযুক্ত ফিলামেন্ট তৈয়াৰ কৰিবলৈ সক্ষম হৈছিলো।

৩/ ডেল কার্নেগীক কোৱা হয় সৰ্বকালৰ শ্ৰেষ্ঠ বক্তা। তেওঁৰ কাহিনী হয়তো বহুতেই যানে। জীবনত পন প্রথম বাৰৰ বাবে যেতিয়া তেওঁ ভাষণ দিবলৈ মঞ্চত উঠিছিল তেতিয়া তেওঁৰ ভাষণ শুনি দৰ্শকে কণী দলিয়াই অপমান কৰিছিল। সেই লাজটো তেওঁ মানি লব পৰা নাছিল।তাৰ পিছত যি চেলেঞ্জ তেওঁক আগুৰি ধৰিছিল সেই চেলেঞ্জ টো‌ তেওঁক ভাষণ দিয়াৰ অনুশীলন আৰম্ভ কৰিবলৈ প্রেরনা যোগায়। আৰু এদিন আহি পৰে তেওঁৰ সাফল্য বিশ্বৰ সন্মুখত। তাৰ পিছৰ পৰাই পৃথিৱীৰ সকলো দেশতে তেওঁৰ নাম বিয়পি পৰা দেখা যায়। 

এতেকে বন্ধুসকল সাফল্য পাবলৈ হলে আপোনাক কঠোৰ পৰিশ্ৰম কৰিবই লাগিব।চেষ্টা থাকিলে উপায় আহিবই।পরিবর্তন ‌বিছাৰে যদি মনটোক আগতে পরিবর্তন কৰক সাফল্য নিশ্চিত !
                             

Comments